বিক্ৰী কৰিব আহিছিল ৭০ লাখত যীশুখ্ৰীষ্টৰ নকল মূৰ্তি, কিন্তু বিক্ৰীটো নহ’লেই আৰক্ষীৰহে পৰিল জালত

আজি অসম বাতৰি, ৩১ অক্টোবৰঃ নগাঁও আৰক্ষীয়ে নকল সোণৰ ব্যবসায় আৰু সৰবৰাহ কৰা দুজন লোকক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এণ্টিনাৰ্কটিক স্কোৱাদে গোপন সূত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত মহখুলিস্থ মাতৃমংগল কেন্দ্ৰৰ ওচৰৰ পৰা এটা নকল সোণৰ মূৰ্তিসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে উদ্ধাৰ কৰা নকল সোণৰ মূৰ্তিটো ভগৱান যীশুখ্ৰীষ্টৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে – ৰূপহীহাট থানাৰ অন্তৰ্গত কৰৈগুৰিৰ আমীৰ হুছেইন আৰু পশ্চিম লৰীমূখৰ আইজুল ইছলাম।

এই দুই নকল সোণৰ ব্যবসায়ীয়ে বুজন পৰিমানৰ ধনৰ বিনিময়ত মূৰ্তিটো বিক্ৰী কৰিবৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিছিল। এই খবৰ লাভ কৰি নগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ব্যৱসায়ী দুজনে এই মূৰ্ত্তিটো ৭০ লাখ টকাত বিক্ৰী কৰিবৰ বাবে দাম নিৰ্ধাৰন কৰিছিল যদিও পিছলৈ তেওঁ লোকে দামৰ পৰিমাণ হ্ৰাস কৰে। এই সন্দৰ্ভত আমি অনুসন্ধান অব্যাহত ৰাখিছো।

উৎসঃ খাটাং খবৰ