প্ৰেমত পৰা ল'ৰাই এই ৬ টা কাম কৰে ! প্ৰেমৰ বাবে যুঁজিবলৈ প্ৰস্তুত থাকে !

আজি অসম বাতৰি, ৫ ডিচেম্বৰঃ যেতিয়া কোনোবাই ল'ৰাই কাৰোবাক অৰ্থাৎ কোনোবা ছোৱালীক সঁচাকৈয়ে ভাল পাই পেলাই তেতিয়াই তেওঁ কিছুমান আচৰিত আচৰিত আচৰণ কৰা পৰিলক্ষিত হয়; তাৰেই ভিতৰত এই ৬ ধৰণৰ আচৰণ বেছিকৈ পৰিলক্ষিত হয় ল'ৰাৰ গাত ৷

১. প্ৰেমিকাৰ আগত একো গোপনিয়তা ধৰি নাৰাখে । যেতিয়াই ল’ৰা এজনে ছোৱালী এজনীক গভীৰ ভাৱে ভাল পাই তেতিয়া তেওঁ নিজৰ অতীত , বৰ্তমান আনকি দৈনন্দিন জীৱনৰ ঘটনা প্ৰবাহৰ কোনো কথাই লুকাই নাৰাখে, সকলো খিনি খুলি কব বিচাৰে আৰু কয় । আৰু ইয়াৰ দ্বাৰা সদায় তেওঁ নিজৰ ভালপোৱাৰ গভীৰতা প্ৰমাণ কৰিব খোজে ।

২. নিজৰ সৰ্বোচ্চখিনি সদায় দিবলৈ প্ৰস্তুত থাকে । যেতিয়াই কোনো ল’ৰাই কাৰোবাক গভীৰ ভাৱে ভাল পাই পেলাই তেতিয়া তেওঁ নিজৰ সকলো খিনি উজাৰি দিবলৈ প্ৰস্তুত থাকে । নিজৰ ভালপোৱা গৰাকীক সন্তুষ্ট ৰাখিবলৈ , তেওঁৰ মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ , সুখী ৰাখিবলৈ অসাধাৰণ কাম কিছুমানো কৰিবলৈকে কুণ্ঠাবোধ নকৰে ।

৩. ল'ৰাজনৰ আজৰি সময়খিনি সদায় প্ৰেমিকাৰ লগত কটাব বিছাৰে । যেতিয়াই ল’ৰা এজনে ছোৱালী এজনীক গভীৰ ভাৱে ভাল পাই পেলাই, নিজৰ কৰ্ম ব্যস্ততাৰ বাহিৰৰ সময় খিনি প্ৰেমিকাৰ সৈতে কটাবলৈ উত্ৰাৱল হৈ পৰে; অকলশৰে পাৰ কৰিব লগীয়া এটা এটা মিনিট এক এক ঘণ্টাৰ দৰে দীঘলীয়া অনুভৱ কৰে ।

৪. প্ৰেমৰ বাবে যুঁজিবলৈ প্ৰস্তুত থাকে । সম্পৰ্কটোৰ বাবে তেওঁ যিমানেই ত্যাগ, কষ্ট আৰু যুদ্ধ কৰিবৰ প্রয়োজন হয় তাৰ পৰা পিছুৱাই নাহে । এই প্ৰেম আজীৱন সফল কৰাৰ বাবে তেওঁ সদায় প্ৰস্তুত থাকে । প্ৰেমৰ স্বাৰ্থত আনৰ সৈতে যুঁজিবলৈকে প্ৰস্তুত থাকে সদায় ।

৫. ভালপোৱাক সদায় সুন্দৰ দেখে । যেতিয়াই কাৰোবাৰ সৈতে গভীৰ ভালপোৱা আৰম্ভ হয় তেওঁ প্ৰেমিকাক সকলো ক্ষণতে সৌন্দৰ্য্যময়ী দেখে । প্ৰেমিকাৰ পাৰিপাৰ্শ্বিকতাকো সুন্দৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে । তেওঁ তেওঁৰ প্ৰেমিকাৰ বাহিৰে আন কাৰো গাত সৌন্দৰ্য্য প্ৰত্যক্ষ নকৰে ।

৬. প্ৰেমিকাৰ আশা, ইচ্ছা , আকাংশাক নিজৰ সীমাবদ্ধতাৰ ভিতৰত সন্মান দিয়ে । প্ৰেমিকাৰ সকলো লক্ষ্য উদ্দেশ্যত সফল হোৱাত সদায় সহায় কৰে, সন্মান কৰে আৰু প্ৰেমিকাৰ সৰু ডাঙৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ যত্নপৰ থাকে ।

আপোনালোকৰ প্ৰেমত সংঘটিত কাহিনীৰ এটি বাক্য তলত ব্যক্ত কৰিব ৷


মূল্যবৃদ্ধিৰ মাজতে এক সুখবৰ ! পেট্ৰ'লৰ দাম আজি মাজনিশাৰ পৰা ৮টকা হ্ৰাস পাব, ক'ত কমিব দাম?

Best Picnic Places in Assam for New Year 2022 (২০২২ চনৰ নৱবৰ্ষৰ বাবে অসমৰ সৰ্বশ্ৰেষ্ঠ বনভোজৰ স্থান। )...

আজি ধুমুহা জাৱাদে সৃষ্টি কৰিব তাণ্ডৱ...

দিল্লীত অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান...

২০২২ৰ নৱেম্বৰত মুকলি হ’ব নলবাৰী মেডিকেলৰ বহিঃবিভাগ...

এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্য বৃদ্ধি ৷ প্রতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকা...