চলন্ত বাছত এজন লোকে মহিলাৰ পাছফালে থিয় হৈ ‘গুপ্তাংগ’ৰে কৰি আছিল এক অশ্লীল কাৰ্য; তাৰ পিছত কি ঘটিল, চাওক VIDEO

আজি অসম বাতৰি, ২৯ অক্টোবৰঃ মহিলাসকলে প্ৰতিটো খোজতেই কিছুমান দুষ্ট লোকৰ সন্মুখীন হ’বলগীয়া হয় । বিশেষকৈ ৰাজহুৱা পৰিবহনত তেওঁলোকৰ এই সমস্যা আৰু বৃদ্ধি হৈ যায় । ব্ৰাজিলৰ বাছত যাত্ৰা কৰা এগৰাকী মহিলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল, মহিলাগৰাকীয়ে সেই লোকজনৰ যি অৱস্থা কৰিছিল সেয়া প্ৰশংসাৰ যোগ্য । মহিলাগৰাকীয়ে কেৱল অভিযুক্ত যুৱকজনক পাঠে নিশিকালে, লগতে চালকজনক বাছখন আৰক্ষী চকীলৈ লৈ যাবলৈ বাধ্য কৰোৱাইছিল যাতে অভিযুক্তজনক তাৰ সঠিক স্থানলৈ লৈ যাব পৰা যায় ।

ডেইলী মেইলৰ ৰিপৰ্ট অনুসৰি, অভিযুক্ত লোকজনে ভাবিব পৰা নাছিল যে তেওঁ যাৰ লগত অশালীন কাৰ্য কৰি আছিল, তেওঁ এগৰাকী থাই বক্সাৰ হয় । এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া মহিলাগৰাকী ব্যামাগাৰৰ পৰা ঘৰলৈ উভতি আহি আছিল । বাছখনত যাত্ৰা কৰাৰ সময়ত অভিযুক্তই ভিৰৰ সুবিধা লয় মহিলাৰ সৈতে অশ্লীল কাৰ্য্য কৰিবলৈ লৈছিল । কিছু সময় নীৰৱ হৈ থাকিল, কিন্তু যেতিয়া ধৈৰ্যৰ সীমা ভাঙি গৈছিল তেতিয়া মহিলাগৰাকীয়ে এটা পাঠ পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।

বক্সাৰজনে মহিলাই প্ৰথমে লোকজনক এটা প্ৰচণ্ড ঘোচা শোধাই, পছত পাছফালৰ পৰা ডিঙিত ধৰি গবা মাৰি ধৰে । মহিলাগৰাকীয়ে গবা মাৰি ধৰাৰ পিছত লোকজনৰ অৱস্থা যথেষ্ট বেয়া হয় আৰু লোকজন মাটিত ঢলি পৰে । অতিকৈ বেছি আচৰিত কথাটো হ’ল যে যেতিয়া অভিযুক্তজনে মহিলাগৰাকীৰ লগত অশ্লীল কাৰ্য চলাই আছিল, বাছখনত উপস্থিত থকা কোনো যাত্ৰীয়ে লোকজনৰ বিৰোধিতা কৰা নাছিল অন্যথা তাৰ পিছতো তেওঁলোক মৌনতা অৱলম্বন কৰিছিল, তেওঁলোকে যিখিনি সক্ৰিয়তা দেখুৱাইছিল সেয়া কেৱল ভিডিঅ’ বনোৱাৰ বাবে আছিল ।

লোকজনক এশিক্ষা দিয়াৰ পিছত মহিলাগৰাকীয়ে চালকক বাছখন ওচৰৰ আৰক্ষী চকীলৈ লৈ যাবলৈ বাধ্য কৰাইছিল । আৰক্ষীয়ে কৈছিল যে অভিযুক্তগৰাকী মহিলাগৰাকীৰ পাছফালে থিয় হৈ আছিল আৰু বাৰে-বাৰে নিজৰ যৌনাংগৰে মহিলাগৰাকীৰ অংগ স্পৰ্শ কৰোৱাই আছিল । ভুক্তভোগীয়ে কৈছিল যে বাছখনত থকা কোনো যাত্ৰীয়ে তাইক সহায় কৰা নাছিল, ইয়াৰ বিপৰীতে তেওঁলোক ভিডিঅ’ বনোৱাত ব্যস্ত আছিল । বক্সাৰজনৰ মতে, তেওঁৰ সৈতে পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল আৰু সেই সময়তো অভিযুক্তক ঘোচা মাৰি নাক ভাঙি দিছিল ।

উৎসঃ খাটাং খবৰ