মিঠাতেলৰ দাম বৃদ্ধি হৈছে... দীপাৱলীত চাকি কমকৈ জ্বলাব...

আজি অসম বাতৰি ২ নৱেম্বৰঃ অতি আৱশ্যকীয় সামগ্রীৰ চৰা দামত অসমবাসীয়ে ত্রাহি মধুসূদন সোঁৱৰাৰ সময়তে একাংশ ৰাজনৈতিক নেতাই মূল্যবৃদ্ধিক লৈ কৰা টুলুঙা মন্তব্যই ৰাজ্যবাসীক অতিষ্ঠ কৰি তোলাই নহয়, নেতাৰ এনে মন্তব্যৰ পৰা সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াও ৷ পেট্ৰল-ডিজেলৰ লগতে খাদ্য–সামগ্রীৰ মূল্য নিতৌ বাঢ়ি যোৱাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দাম বৃদ্ধিক লৈ কৰা মন্তব্যই পুনৰ আন এক বিতর্ক সৃষ্টি কৰিছে ৷ পেট্র’লৰ দাম বৃদ্ধিৰ বাবে এখন মটৰচাইকেলত তিনিজনকৈ উঠিবলৈ পৰামর্শ দিয়া ৰাজ্যিক সভাপতিগৰাকীয়ে মিঠাতেলৰ দাম বৃদ্ধিক লৈ আজি আন এক টুলুঙা মন্তব্য কৰে ৷

মিঠাতেলৰ দাম বৃদ্ধিৰ বাবে দীপাৱলীৰ সময়ত অসমবাসীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে সভাপতি কলিতাৰ মন্তব্য– মিঠাতেলৰ চাকি দীপাৱলীত কমকৈ জ্বলাওক ৷ মিঠাতেলৰ দাম যিহেতু বেছি, ৰাইজে পূর্বতকৈ কম চাকি জ্বলাই পালন কৰিব দীপাৱলী ৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানৰ পাছতে সংবাদ মাধ্যমৰ আগত সভাপতিগৰাকীয়ে কয়– ৰাইজে সেউজ দীপাৱলী পালন কৰক ৷ চাইনিজ বস্তু ব্যৱহাৰ পৰিহাৰ কৰক ৷ মিঠাতেলৰ চাকি পূর্বে যদি ১০ গছি জ্বলাইছিল, এতিয়া দুগছি জ্বলাওক ৷

আনহাতে মূল্যবৃদ্ধিৰ প্রসংগত তেওঁ কয়– উৎসতে প্রতিবিধ সামগ্রীৰ মূল্যবৃদ্ধি ঘটিছে ৷ আমি আশা কৰিছোঁ অতি সোনকালে দাম হ্রাস পাব ৷ ইফালে উপ–নির্বাচনৰ প্রসংগত ৰাজ্যিক সভাপতিগৰাকীৰ মন্তব্য– পাঁচটা সমষ্টিতে আমাৰ জয় নিশ্চিত ৷ আমি পাঁচ গ’ল দিবলৈ সক্ষম হ’ম ৷ বিৰোধীৰ গ’লকীপাৰেই নাছিল, সেয়েহে খেলি ভাল নালাগিল ৷ এই নির্বাচনত বিৰোধী বিজেপিৰ পৰা বহুত আঁতৰত থাকিব বুলি মন্তব্য কৰি তেওঁ কয়– থাওৰা সমষ্টিত ৰাইজৰ দল দ্বিতীয় স্থানতো নাথাকে ৷ কংগ্রেছৰ লগতহে বিজেপিৰ প্রতিদ্বন্দ্বিতা হ’ব ৷ মৰিয়নি আৰু তামুলপুৰতো বিজেপিৰ প্রতিদ্বন্দ্বিতা হ’ব কংগ্রেছৰ লগত ৷ গোসাঁইগাঁৱত তিনিকোণীয়া প্রতিদ্বন্দ্বিতাত বিজেপি প্রার্থী জয়ী হ’ব ৷ আনহাতে, তামুলপুৰত অনায়াসে জয়ী হ’ব ইউ পি পি এলৰ প্রার্থী ৷

৪০০টা মণ্ডলত বিজেপিৰ মণ্ডল কার্যনির্বাহক সভা সম্পন্ন দলৰ সাংগঠনিক শক্তিক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত সমগ্র অসমতে ৪০০টা মণ্ডলত মণ্ডল কার্যনির্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ এই কার্যনির্বাহক সভাত সভাপতি ভৱেশ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মা, দলৰ উপ–সভাপতি, সাধাৰণ সম্পাদক, জিলা সভাপতি, জিলা প্রভাৰীসকল উপস্থিত থাকে ৷

‘অসমীয়া বিজেপি বার্তা’ উন্মোচন ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আজি ‘অসম বিজেপি বার্তা’ৰ ৫৯সংখ্যক সংস্কৰণ উন্মোচন কৰা হয় ৷ দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক উপ–সভাপতি জয়ন্ত কুমাৰ দাসে এই আলোচনীখন উন্মোচন কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি সভাপতি ভৱেশ কলিতাই জানিবলৈ দিয়ে যে দলীয় কার্যকর্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আলোচনীখনত টুইটাৰ আৰু ফেচবুকত প্রকাশ পোৱা দলীয় নেতৃত্বৰ বিশেষ কিছু বার্তা প্রকাশৰ দিহা কৰা হৈছে ৷

উৎসঃ নিয়মীয়া বাৰ্তা