ফেচবুকৰ দ্বাৰা চিনাকি, প্ৰেম আৰু পিছত প্ৰেমিকক এচিড নিক্ষেপ, যুৱক এতিয়া দৃষ্টিশক্তি হেৰুৱাৰ দিশত

আজি অসম বাতৰি, ২২ নৱেম্বৰঃ এগৰাকী মহিলা এচিড নিক্ষেপৰ ঘটনাত জড়িত হ'ল । ঘটনাটো কেৰালাত সংঘটি হৈছে ৷ দুই সন্তানৰ মাতৃ (৩৫ বছৰ) এচিড নিক্ষেপ কৰে তেওঁৰ প্ৰেমিক যুৱকক । বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰেমিকৰ ওপৰত এচিড নিক্ষেপ কৰাৰ অপৰাধত আৰক্ষীয়ে মহিলাগৰাকীক কালি কেৰালাৰ থিৰুৱন্তপুৰমত গ্ৰেপ্তাৰ কৰা বুলি জানিব দিয়ে ।

যুৱকজন আছিল অৰুণ কুমাৰ (২৮ বছৰ) । এচিডত আঘাতপ্ৰাপ্ত অৰুণক কেৰালাৰ এখন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষীয়ে সংবাদ সংস্থাত জনোৱা মতে, অৰুণ কুমাৰৰ সৈতে ফেচবুকৰ জৰিয়তে মহিলাগৰাকীৰ পৰিচয় হৈছিল । সম্পৰ্কৰ এটা সময়ত অৰুণে জানিব পাৰে যে মহিলাগৰাকী বিবাহিত আৰু দুটা সন্তানৰ মাতৃ । পিছত যেতিয়া তেওঁ সম্পৰ্ক ৰাখিব নিবিচাৰিলে মহিলাগৰাকীয়ে তেওঁক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে । তেওঁ টকা দাবী কৰে । শেষত এচিড নিক্ষেপ কৰে তেওঁক । চিকিৎসকে জনোৱা মতে, এচিডৰ বাবে চকু জ্বলি যোৱাত অৰুণে দৃষ্টিশক্তি হেৰুৱাব পাৰে ।

আৰক্ষীয়ে কয় যে অৰুণ কুমাৰে ১৬ নৱেম্বৰত ভগ্নী আৰু এজন বন্ধুৰ সৈতে আদিমালীৰ এটা গিৰ্জালৈ গৈ থকা সময়ত মহিলাগৰাকীয়ে লগ পাই আৰু আক্ৰমণ কৰে ।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ উদ্ধাৰ কৰে আৰু যুৱকৰ পৰিয়ালে যোৱা শুক্ৰবাৰে এচিড আক্ৰমণ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাত পিছদিনা তেওঁক গ্ৰেপ্তাৰ কৰে ।

উৎসঃ নিয়মীয়া বাৰ্তা