পিতৃ-মাতৃ তথা শহুৰ-শাহুৰ লগত কটাবলৈ অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ (চাৰি) দিনৰ বিশেষ ছুটী...

আজি অসম বাতৰি, ২৪ নৱেম্বৰঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ ৷ যোৱাকালি বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকে সুখবৰ কঢ়িয়াই আনিছে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে । উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেটৰ অন্তত অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই এই কথা উল্লেখ কৰে ৷ কেবিনেটত লোৱা প্ৰস্তাৱ মতে মাক -দেউতাক নতুবা শহুৰ-শাহুৱেক থকা চৰকাৰী কৰ্মচাৰী-বিষয়াবৰ্গৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে অহা ৬ আৰু ৭ জানুৱাৰীত ছুটী ঘোষণা কৰা হৈছে ৷

লগতে ৮ জানুৱাৰীত দ্বিতীয় শনিবাৰ আৰু পৰৱৰ্তী দিনটো ৯ জানুৱাৰী দেওবাৰ হোৱাৰ ফলত এইসকল কৰ্মচাৰী বা বিষয়াই একে লগে চাৰি দিন বন্ধৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ মাক-দেউতাক নতুবা শহুৰ-শাহুৱেকক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সময় দি শুশ্ৰূষা কৰাৰ বাবে চৰকাৰে এই সুবিধা প্ৰদান কৰিছে । আই.এ.এচ. আৰু আই.পি.এছ. বিষয়াসকলেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । মন্ত্ৰীসভাৰ সদস্যও আবেদন কৰিলেও মুখ্যমন্ত্ৰীয়ে এই সুবিধা প্ৰদান কৰিব বুলি জানিব দিয়ে।

উৎসঃ নিয়মীয়া বাৰ্তা