কংগ্রেছ–ৰাইজৰ দলৰ মিত্রতাৰ সূত্রক নস্যাৎ ৰাইজৰ

আজি অসম বাতৰি, ৩ নৱেম্বৰঃ উপ–নির্বাচনৰ পাঁচোটা সমষ্টিতে BJP আৰু মিত্রদলৰ জয়লাভৰ পিছতে পুনৰ আন এক উপ–নির্বাচনৰ সম্ভাৱনা প্রকট হৈছে ৷ মঙলবাৰে এনে সম্ভাৱনাৰ ইংগিত দিলে মুখ্যমন্ত্রীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয়– জয়লাভ কৰা পাঁচটা সমষ্টিত বিজেপিৰ কার্যকর্তা আৰু মিত্রদলৰ কর্মকর্তাসকলে যি ধৰণে কাম কৰিলে, তাক দেখি একাংশ বিৰোধীৰ সমষ্টিৰ ৰাইজে প্রেৰণা লাভ কৰিছে ৷ ফলাফলৰ পিছতে দুই–তিনিটা সমষ্টিৰ ৰাইজে উপ–নির্বাচন বিচাৰিছে ৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই নির্বাচনী ফলাফলৰ পিছতো BJP থমকি নৰয় ৷ অহা ফেব্রুৱাৰীত হ’বলগীয়া পৌৰসভা নির্বাচনৰ বাবে দলৰ প্রতিগৰাকী কার্যকর্তাক সাজু কৰা হ’ব ৷ ইফালে, থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজৰ দল আৰু কংগ্রেছৰ বুজাবুজিক লৈ কটাক্ষ কৰি ড° শর্মাই কয়– কংগ্রেছ–ৰাইজৰ দলৰ মিত্রতাৰ সূত্রক অসমৰ ৰাইজে নস্যাৎ কৰিছে ৷

থাওৰা সমষ্টিত অন্তিম সময়ত কংগ্রেছৰ প্রার্থীগৰাকীয়ে ৰাইজৰ দলৰে কংগ্রেছৰ ভোট বদলি কৰিছিল ৷ কার্যতঃ ইয়াৰ দ্বাৰা স্পষ্ট হৈছিল যে কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত এক গোপন বুজাবুজি হৈছিল ৷ মৰিয়নি সমষ্টিটোও এইবাৰ কংগ্রেছ–ৰাইজৰ দলক সম্পূর্ণৰূপে নস্যাৎ কৰিছে ভোটাৰ ৰাইজে ৷ যাৰ বাবে 40 হাজাৰতকৈ অধিক ভোটত বিজেপি প্রার্থী জয়ী হৈ এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

আনহাতে কংগ্রেছে অতিকমেও দুটা সমষ্টিত জয়লাভ কৰিব বুলি পূর্বে কৰা দাবী কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়– মই কালি নিশা 10-12 জন কংগ্রেছ বিধায়কৰ সৈতে বার্তালাপ কৰিছোঁ ৷ তেওঁলোকে এই নির্বাচনত জয়লাভ যে কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিছিল ৷

ভৱানীপুৰ সমষ্টি প্রথমবাৰৰ বাবে বিজেপিৰ দখললৈ অহাৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– 2006 চনত অগপৰ বিধায়কে জয়লাভৰ পিছত 2021 চনৰ সাধাৰণ নির্বাচনলৈ এই সমষ্টিটো এআইইউডিএফৰ দখলত আছিল ৷ এই বিষয়টো জাতিটোৰ বাবে লজ্জাৰ কাৰণ হৈ আছিল ৷ বিগত দুটাকৈ বিধানসভা নির্বাচনত বিজেপিয়ে বিজয় লাভ কৰাৰ পিছতো প্রতিজন বিজেপি কর্মীৰ মাজত এটা খেদ আছিল ৷ অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ জন্মস্থান ভৱানীপুৰ সমষ্টিটো আমাৰ হাতত নথকাত এক বেদনাই সকলো সময়তে আঘাত দি আছিল কিন্তু 2006 চনৰ পিছত সেই বেদনা প্রাপ্তিৰ আনন্দলৈ ৰূপান্তৰিত হ’ল ৷

উৎসঃ নিয়মীয়া বাৰ্তা