কিমান সম্পত্তি থাকিব পাৰে এজন সাধাৰণ কনিষ্টবলৰ; সম্পত্তিৰ তালিকা দেখিলে আপোনাৰ-মোৰ কিয়, আৰক্ষীৰে চকু কপালত উঠিব!

আজি অসম বাতৰি, ৪ নৱেম্বৰঃ মধ্য প্ৰদেশত (Madhya Pradesh) সুশাসনৰ দাবীৰ মাজতে দুৰ্নীতিগ্ৰস্ত আৰক্ষী আৰু বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলি আছে। শেহতীয়া ঘটনা অনুসৰি আয়তকৈ অধিক সম্পত্তি ৰখাৰ এটা গোচৰত জবলপুৰ (Jabalpur) লোকায়ুক্তই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কোটি কোটি টকাৰ বেনামি সম্পত্তি খোলোচা কৰিছে। তালাচী অভিযান চলাবলৈ উপস্থিত হোৱা দলে অভিযান চলোৱাৰ সময়ত ইমানবোৰ গাড়ী পাইছিল যে তেওঁলোকে প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল যে কেনেকৈ এজন আৰক্ষী কনিষ্টবলে ইমান ক’লা টকা উপাৰ্জন কৰিব পাৰে।

লোকায়ুক্তৰ এই অভিযান মধ্য প্ৰদেশত হেড কনিষ্টবল হিচাপে নিযুক্ত সচ্চিদানন্দ সিঙৰ (Head constable Sachidanand Singh) ঘৰত চলাই। লোকায়ুক্ত দলটোৱে অভিযুক্ত আৰক্ষীজনৰ ঘৰ আৰু ফাৰ্ম হাউচত তালাচী চলাইছিল আৰু প্ৰায় ৪.৩৯ কোটি টকাৰ সম্পত্তি আৰু ১৪ খন বাহন উদ্ধাৰ কৰে। আপোনাক জনাও যে সচ্চিদানন্দ সিং, বৰ্তমান তিলৱাৰগট আৰক্ষী থানাত নিয়োজিত। কোটিপতি কনিষ্টবলজনৰ ওপৰত লোৱা এই অভিযানত বিভাগটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, তালাচী চলাবলৈ যোৱা বিষয়াসকলে কৈছিল যে তেওঁলোকৰ দলটোৱে অভিযানৰ সময়ত ৪.৩৯ কোটি টকাৰ সম্পত্তি, ফাৰ্মহাউচ, গাড়ী, কৃষিভূমি, গহনা, ১৪খন গাড়ী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও পাইছিল।

ইমান বোৰ উদ্ধাৰ

উপ আৰক্ষী অধীক্ষক জে পি বাৰ্মাৰ নেতৃত্বত এটা ২৫ জনীয়া দলে অভিযান চলাইছিল য’ত ইমান সম্পত্তি খোলোচা কৰা হৈছিল।

1. সোণৰ অলংকাৰ ২৪,৫০,০০০
2. ৰূপৰ অলংকাৰ ৪৬০০০
3. বাহন ১৪, মূল্যবান ২ কোটি ৭৭ লাখ ৭০ হাজাৰ টকা
4. কৃষিভূমি দস্তাবেজ ৪০,১৪০০০ টকা
5. এটা ঘৰৰ নিৰ্মাণ ব্যয় জনকপুৰী ৪০,০০,০০০ টকা
6. ফাৰ্মহাউচ নিৰ্মাণ গাঁও থানা তহচিল বৰ্গী নিৰ্মাণৰ বাবে ৩৩ লাখ টকা ব্যয় হৈছে
7. ঘৰুৱা সামগ্ৰীৰ মূল্য ২৩ লাখ ৮ হাজাৰ ৬০০ টকা
8. নগদ পৰিমাণ ৬৮,০০০ টকা

লোকায়ুক্ত দলৰ মতে, মুঠ মূল্য ০৪ কোটি ৩৯ লাখ ৫৬ হাজাৰ ৬০০ টকাৰ সম্পত্তিত পোহৰলৈ আহিছে। বিষয়টোত পৰৱৰ্তী অভিযান এতিয়াও চলি আছে।

উৎসঃ খাটাং খবৰ