গুণোৎসৱৰ আর্হিত ২২–২৯ নৱেম্বৰলৈ ভেকচিন সপ্তাহ

আজি অসম বাতৰি, ৫ নৱেম্বৰঃ ক’ভিডৰ সম্ভাব্য তৃতীয় জোৱাৰ প্রতিহত কৰাৰ বাবে পূর্ণ প্রস্তুতি গ্রহণ কৰিছে অসম চৰকাৰে৷ ৰাজ্যখনৰ প্রতিগৰাকী ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ লোকে ক’ভিডৰ দুয়োপালি ভেকচিন গ্রহণ কৰাটো এশ শতাংশ নিশ্চিত কৰাৰ বাবে গুণোৎসৱৰ আর্হিত অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ সপ্তাহজোৰা কার্যসূচীৰে মেগা ভেকচিন সপ্তাহৰ ব্যৱস্থা কৰিছে৷

বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লয়৷ কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এখন সংবাদ মেলত কয় যে প্রতিটো ভোটকেন্দ্রৰ ভোটাৰ তালিকাক লৈ এই মেগা ভেকচিন সপ্তাহ চলিব৷ প্রতিটো বিধানসভা সমষ্টিৰ প্রতিটো ভোটগ্রহণ কেন্দ্রক ইউনিট হিচাপে লৈ অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ একোটাকৈ টীম ঘৰে ঘৰে গৈ কোন কোন লোক ভেকচিন ল’বলৈ বাকী আছে, কি কাৰণত ল’ব পৰা হোৱা নাই, সকলো তথ্য সংগ্রহ কৰিব৷ মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি মন্ত্রী, বিধায়ক, সাংসদ, মুখ্য সচিবকে ধৰি চৰকাৰী বিষয়া–কর্মচাৰীসক একোটাকৈ নির্দিষ্ট ভোটকেন্দ্রলৈ যাব আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্রহ কৰিব৷ তেওঁলোকৰ লগত আশাকর্মী, অংগনৱাড়ী কর্মী, গাঁওবুঢ়া, এ এন এম, বি এল অ’ আদিৰ টীমো থাকিব৷ শিক্ষা বিভাগৰ গুণোৎসৱত যিদৰে সকলো জড়িত হৈ পৰিছিল, এই মেগা ভেকচিন কার্যসূচীতো সকলো জড়িত হ’ব৷ এই অভিযানৰ জৰিয়তে ভেকচিন এতিয়ালৈ নোলোৱাসকলৰ ভোটগ্রহণ কেন্দ্রভিত্তিত তালিকা যুগুতোৱাৰ লগতে কি কাৰণত ভেকচিন লোৱা হোৱা নাই, সেই সম্পর্কত নাম, ঠিকনা, ফোন নম্বৰসহ বিস্তৃত তথ্য সংগ্রহৰ লগতে সেইসকল লোকে কেতিয়াকৈ ভেকচিন ল’ব পৰা হ’ব, সেয়াও স্থিৰ কৰা হ’ব৷

এই সম্পর্কত মন্ত্রী মহন্তই কয় যে ইয়াত ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি কর্মসূত্রে যদি ৰাজ্যৰ বাহিৰত আছে, তেতিয়াহ’লে অসম চৰকাৰৰ পৰা তেওঁলোকৰ নাম–ফোন নম্বৰ আৰু বর্তমানৰ কর্মস্থলীৰ ঠিকনা ভাৰত চৰকাৰক অৱগত কৰিব৷ ভাৰত চৰকাৰে উক্ত স্থানলৈ গৈ সেইসকল লোকক ভেকচিন দিয়াৰ ব্যৱস্থা গ্রহণ কৰিব৷ সেইদৰে শাৰীৰিক অসুস্থতাৰ পৰিপ্রেক্ষিতত, ইতিমধ্যে ক’ভিড হৈ যোৱা বাবে, গর্ভৱতী মহিলা হোৱা বাবে যিসকলে এতিয়াও ভেকচিন ল’ব পৰা নাই, সেইসকলৰ নাম, ফোন নম্বৰ আদি সন্নিৱিষ্ট কৰি কেতিয়াকৈ তেওঁলোকক ভেকচিন দিয়াৰ সময় হ’ব, সেই সম্পর্কতো এই অভিযানতে নিশ্চিত কৰি সুকীয়া শিতানত উল্লেখ কৰিব৷ ইমানদিনে ভেকচিন প্রদানৰ কাম স্বাস্থ্য বিভাগে কৰি আহিছে৷ কিন্তু এই নতুন ব্যৱস্থাৰ জৰিয়তে সমগ্র চৰকাৰখনে প্রতিজন লোককে ভেকচিন দিয়াৰ দায়িত্ব গ্রহণ কৰিব৷ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলে নির্বাচন পৰিচালনাৰ দৰে এই অভিযানো পৰিচালনা কৰিব৷

উৎসঃ নিয়মীয়া বাৰ্তা