অচিৰেই দুজন কংগ্রেছী বিধায়কৰ আগমন ঘটিব বিজেপিলৈ…কোন কোন?

আজি অসম বাতৰি, ৭ নৱেম্বৰঃ উপ–নির্বাচনত বিজেপি–মিত্রজোঁটৰ অভাৱনীয় ফলাফলৰ পাছতেই বিৰোধীদল কংগ্রেছৰ পৰা দুজনকৈ বিধায়ক শাসকীয় দললৈ অহাৰ প্রস্তুতি আৰম্ভ হৈছে ৷ বিজেপিৰ সৈতে প্রত্যক্ষ যোগাযোগ ৰখা এই দুয়োজন বিধায়কক দলত স্থান দিয়াৰ বাবেও ইতিমধ্যে আৰম্ভ হৈছে প্রাৰম্ভিক আলোচনা ৷ কংগ্রেছ শূন্য কৰাৰ লক্ষ্য লৈ নামি পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই কথা স্পষ্ট কৰে ৷

বিধানসভা নির্বাচনৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুর্মীৰ বিজেপিত যোগদানৰ পাছত এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰেও বিজেপিত যোগদান কৰিছিল ৷ উপ–নির্বাচনত শাসকীয় দলটোৱে লাভ কৰা অভাৱনীয় সফলতাৰ পাছত এই তিনিজন বিধায়কৰ দৰে কংগ্রেছৰ আন দুজন বিধায়কেও বিজেপিত যোগদানৰ কৰে ৷

এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে মাজুলী সমষ্টিৰ লগতে আন দুটা সমষ্টিতো অনুষ্ঠিত হ’ব উপ–নির্বাচন ৷ কেইবাজনো বিধায়কে আমাৰ সৈতে যোগাযোগ কৰি আছে ৷ কিন্তু সকলোকে দললৈ অনাৰ প্রতি আমি আগ্রহী নহয় ৷ দলে বেলেগ দলৰ বিধায়কক অনাৰ বিষয়টো বন্ধ কৰিব বিচাৰিছে ৷ কিন্তু দুজন বিধায়কে বিশেষভাৱে লাগি থকা হেতু এই দুজনক লৈ দলৰ মজিয়াত আলোচনা হৈছে ৷ কিন্তু সকলো সিদ্ধান্ত ১৬ নৱেম্বৰৰ পাছতহে গ্রহণ কৰা হ’ব ৷ এটা কথা শাতাং, মাজুলীৰ লগতে আন দুটা সমষ্টিৰো উপ–নির্বাচন অনুষ্ঠিত হ’ব ৷

উপ–নির্বাচনৰ প্রাক্ক্ষণতেই কংগ্রেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদানৰ চর্চা চলিছিল ৷ এইক্ষেত্রত উচ্চাৰিত হৈছিল তিতাবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক ভাস্কৰ বৰুৱা, বকোৰ বিধায়িকা নন্দিতা দাস, দুধনৈৰ বিধায়ক যাদৱ স্বর্গীয়াৰী, বৰক্ষেত্রীৰ বিধায়ক দিগন্ত বর্মনৰ নাম ৷ কিন্তু যাদৱ স্বর্গীয়াৰী আৰু দিগন্ত বর্মনে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কংগ্রেছ এৰিবলৈ তেওঁলোক সাজু নহয় ৷ কিন্তু ইয়াৰ মাজতো কংগ্রেছৰ আন কেইবাজনো বিধায়কক লৈ বিজেপিৰ যে গোপন আলোচনা চলিছে, সেয়া ইতিমধ্যে প্রকাশ পাইছিল ৷

চলিত মাহতে দুজন কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা ঘোষণাই স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে ৷ লক্ষণীয়ভাৱে কংগ্রেছী বিধায়ক বিজেপিত যোগদানৰ আঁৰত চৰকাৰখনে কংগ্রেছৰ বিধায়কসকলক ব্লেকমেইলিং কৰা বুলি বিৰোধী দলপতি দেৱব্রত শইকীয়াই মুকলি অভিযোগ কৰিছিল ৷

বিৰোধী দলপতিৰ এনে অভিযোগক নস্যাৎ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– আমি ব্লেকমেইলিং কৰাৰ প্রয়োজন নাই ৷ বিজেপিয়ে কৰা ভাল কামৰ অনুধাৱন কৰিয়েই দলৰ প্রতি আকৃষ্ট হৈছে একাংশ ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা পাঁচটা মাহত ৰাজ্যখনত উন্নয়নৰ যি ধাৰা আনিবলৈ সক্ষম হৈছে, তাৰ প্রতিহে আকৃষ্ট হৈছে বিৰোধী বিধায়ক৷ বহুতে বিজেপিত যোগদান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে ৷ কিন্তু আমি যোগদানৰ দুৱাৰ বন্ধ কৰিব খুজিছোঁ, ফুলষ্টপ দিব খুজিছোঁ ৷

উল্লেখ্য যে কংগ্রেছৰ দুজনকৈ বিধায়কৰ আগমনৰ কথা স্পষ্ট কৰা ভৱেশ কলিতাই বি টি আৰতো কেইবাজনো এম চি এল এ বিজেপিলৈ অহাৰ আগ্রহ প্রকাশ কৰাৰ কথা জানিবলৈ দিয়ে ৷ কিন্তু এই সকলো প্রক্রিয়া অহা ১৬ নৱেম্বৰৰ পাছতহে হ’ব বুলি স্পষ্ট কৰে ভৱেশ কলিতাই ৷

উৎসঃ নিয়মীয়া বাৰ্তা