জাগুনত আলফা (স্বাঃ) দুধৰ্ষ কেডাৰ আটক

আজি অসম বাতৰি, ১ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ জাগুনৰ সীমামূৰীয়া অঞ্চলৰ পৰা আটক এগৰাকী আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ ৷ মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ স্থিত ১৯ নং আচাম ৰাইফলছে অসম অৰুণাচল সীমামূৰীয়া টিংকুপানী সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এগৰাকী আলফা স্বাধীনৰ সদস্য ৷ আটকাধিন সদস্য গৰাকী নাম গ্ৰীৰিন্দ্ৰ চেতিয়া(৩৮) ওৰফে পৱিত্ৰ অসম ৷ ঘৰ তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত জেঙনী গাঁৱত বুলি জানিব পৰা গৈছে ৷ আটকাধিন সদস্য গৰাকীৰ পৰা এটা ৯ এম এম পিষ্টল, ৩ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে ।

আচাম ৰাইফলছে আটকাধিন সদস্যক আজি জাগুন আৰক্ষী গতাই দিয়ে ৷ আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে আলফা সদস্যক জেৰা অব্যাহত ৰাখিছে ৷

উৎসঃ নিয়মীয়া বাৰ্তা