দিল্লীত অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান...

আজি অসম বাতৰি ৩ ডিচেম্বৰঃ ভয়াৱহ বায়ু প্রদূষণৰ কবলত পৰা দিল্লীত ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে প্রদূষণ প্রতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ এইক্ষেত্রত কাঢ়া নির্দেশ (High Court) উচ্চতম ন্যালয়ৰ ৷ দিল্লী তথা ইয়াৰ প্রতিৱেশী ৰাজ্যসমূহৰ কল-কাৰখানা তথা গাড়ীৰ পৰা সৃষ্টি হোৱা ধোঁৱাৰ বায়ু প্রদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে উচ্চতম ন্যায়ালয় (High Court) য়ে নির্দেশ দিয়াৰ পিছতে পুনৰ মুকলি কৰা বিদ্যালয় চাৰি দিনৰ পিছতে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ল’লে দিল্লী চৰকাৰে ৷ কাইলৈৰ পৰা দিল্লীত সকলো বিদ্যালয় অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে ৷

দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে উল্লেখ কৰে যে বায়ু প্রদূষণ কমি যোৱাৰ বাবে বিদ্যালয়সমূহ খোলা হৈছিল ৷ কিন্তু প্রদূষণৰ মাত্রা বৃদ্ধি হৈ যোৱাৰ লগে লগে বিদ্যালয়সমূহ পুনৰ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়সমূহ অনির্দিষ্টকাললৈ বন্ধ থাকিব বুলিও ঘোষণা কৰিছে মন্ত্রীগৰাকীয়ে ৷

উৎসঃ নিয়মীয়া বাৰ্তা

DID YOU KNOW?

TODAY AXOM BATORI IS AN ASSAMESE NEWS WEB PORTAL. IT ACCEPTS ANY KIND OF NEWS WITH THE PROOF. SO, PEOPLE CAN SEND THEIR EVENTS AS A NEWS TO US ON THE MENTIONED WHATSAPP NUMBER. (8753971987)