মোবাইল চুৰি হৈছিল নেকি আপোনাৰ? যদি হৈছিল আহক নগাঁও থানালৈ আৰু লৈ যাওক আপোনাৰ হেৰুওৱা মোবাইলটো, কিন্তু লগত আনিব সঠিক ক্ৰয় কৰা কাগজ

আজি অসম বাতৰি, ৩ ডিচেম্বৰঃ নৱেম্বৰ মাহৰ ৬ তাৰিখতে নগাঁওৰ আৰক্ষী অধীক্ষক ৰাইজ প্ৰেমী শ্ৰদ্ধাৰ আনন্দ মিশ্ৰ (Anand Mishra) বাহিনীয়ে অভিযান চলাই মোবাইল চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল । নগাঁও চহৰৰ হয়বৰগাঁও অৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চহৰ খনৰ হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই ১৩৪টা চুৰি স্মাৰ্ট মোবাইল উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্য ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি থকা দুই মবাইল চোৰৰ গেং লিডাৰ দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ধৃত কুখ্যাত চোৰ দুটা হ’ল ৰাজকুমাৰ ননিয়া আৰু চনু কুমাৰ ননিয়া ।

দুয়ো চুৰে বহু পৰিমাণৰ চুৰি কৰা মোবাইলসমুহ পেকিং কৰি ডিমাপুৰলৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে এই মোবাইলসহ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছিল ।

এতিয়া নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা মোবাইল কেইটাৰ এখন তালিকা প্ৰকাশ কৰিছে । য’ত এই উদ্ধাৰ হোৱা ১৩৪টা মোবাইলৰ মডেল আৰু IMEI Nos. উল্লেখ কৰিছে । আপুনিও যদি মোবাইল চুৰি চক্ৰৰ কবলত পৰিছিল তেন্তে তালিকা চাওক আৰু লৈ যাওক আপোনাৰ হেৰুওৱা মোবাইলটো ।

উৎসঃ খাটাং খবৰ