বাইক চালক আৰোহীৰ হেলমেট পৰিধান বাধ্যতামূলক অন্যথা জৰিমনা ভৰিব লাগিব

আজি অসম বাতৰি, ২ ডিচেম্বৰঃ বুধবাৰৰ পৰা ৰাজ্যজুৰি কঠোৰ হৈছে পৰিবহণ বিভাগ৷ ছিট বেল্ট পৰিধান নকৰা বাহন চালকৰ লগতে চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ বিৰুদ্ধে বুধবাৰৰ পৰা অভিযান আৰম্ভ হৈছে ৷ গুৱাহাটী মহানগৰীতো পৰিবহণ বিভাগে ব্যাপক ৰূপত অভিযান চলায় ৷ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাসকলক পৰিবহণ বিভাগৰ তৰফৰ পৰা ৰঙা গোলাপ ফুল দি আদৰণি জনোৱাৰ বিপৰীতে হেলমেট অবিহনে আৰোহী উঠাই অনা মটৰচাইকেল–স্কুটী আদিক ১,০০০ টকা পর্যন্ত জৰিমনা বিহে ৷

মূলতঃ দুর্ঘটনাত পতিত হ’লেও চালক আৰু আৰোহীৰ সুৰক্ষাৰ বাবেই আজিৰে পৰা উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৷ পৰিবহণ বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, আজিৰে পৰা আৰম্ভ হোৱা এই অভিযান অনাগত দিনত অধিক তীব্রতৰ হ’ব ৷ গুৱাহাটী মহানগৰীৰ লগতে প্রতিখন চহৰ, জিলাত এই অভিযান চলিব ৷ বাৰম্বাৰ এই আইন অমান্যকাৰীৰ ড্রাইভিং লাইচেঞ্চ বাতিলৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি সূত্রটোৱে জানিবলৈ দিছে ৷

উৎসঃ নিয়মীয়া বাৰ্তা