২০২২ৰ নৱেম্বৰত মুকলি হ’ব নলবাৰী মেডিকেলৰ বহিঃবিভাগ

BEAKING NEWS

আজি অসম বাতৰি, ৩ ডিচেম্বৰঃ অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যোৱা বুধবাৰে নলবাৰী জিলাৰ দক্ষিণগাঁৱত নির্মাণ কাৰ্য চলি থকা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ ল'বলৈ যায় আৰু সংবাদ মাধ্যমত কয় যে ২০২৩ চনৰ পৰা উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ কৰা হ’ব ৷ শিক্ষানুষ্ঠানখনত এশজন ছাত্র–ছাত্রীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব ৷ ইয়াৰ পূর্বে ২০২২ চনৰ নৱেম্বৰ মাহত চিকিৎসালয়খনৰ বহিঃবিভাগ মুকলি কৰা হ’ব ৷ প্রথম অৱস্থাত চিকিৎসালয়খনত ছশ ৰোগী ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ বর্তমান হয়াত এশ (১০০)খন আহ চি হউ (ICU) বেডৰ সুবিধা থাকিব ৷ তেওঁ পুনৰ কয় যে এহ চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে এখন কর্কট হাস্পতাল নির্মাণ কৰা হ’ব ৷

মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে অহা পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিডৰ প্রথম পালি ভেকচিন দিয়া সম্পূর্ণ হ’ব আৰু দহ ডিচেম্বৰত ৰাজ্যখনক প্রথম পালি ভেকচিন সম্পূর্ণ কৰা ৰাজ্য হিচাপে ঘোষণা কৰা হ’ব ৷ সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে নলবাৰী মেডিকেল কলেজৰ বাবে চিকিৎসকৰ কোনো অসুবিধা নহ’ব ৷ প্রয়োজনীয় চিকিৎসক গুৱাহাটীৰ পৰা অনা হ’ব বুলিও কয় ৷ অহা ডেৰ বছৰৰ ভিতৰত মেডিকেল কলেজৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় ৷ মুখ্যমন্ত্রীগৰাকীৰ পৰিদর্শনৰ সময়ত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক সংগ দিয়ে ৷ নলবাৰী মেডিকেল কলেজ পৰিদর্শন কৰাৰ পাছতে মুখ্যমন্ত্রী শর্মাই লাটিমাস্থিত পিতৃগৃহত উপস্থিত হৈ গাঁওবাসীৰ খা–খবৰ লয় ৷ মুখ্যমন্ত্রীগৰাকীক ওচৰতে পাই গাঁওবাসী উৎফুল্লিত হৈ পৰে ৷ তেওঁ অতি শীঘ্রে পিতৃৰ জন্মভূমিত এনিশা কটোৱাৰ পৰিকল্পনা কৰিছে বুলি গাঁওবাসীক জানিবলৈ দিয়ে ৷

উৎসঃ নিয়মীয়া বাৰ্তা