৩১ ডিচেম্বৰত আমাৰ আলহী নহ’ব কোনে সকীয়ালে কাক ?

আজি অসম বাতৰি, ৩১ ডিচেম্বৰঃ নৱবর্ষলৈ মাজতে মাত্ৰ কেইটামান ঘন্টা ৷ THIRTY FIRST উদযাপনৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে গোটেই ৰাজ্যখনতে চলিছে ব্যয়বহূল প্রস্তুতি । THIRTY FIRST ৰ পার্টী উদযাপনৰ বাবে চৰকাৰে সান্ধ্য আইন প্রত্যাহাৰ কৰিছে যাতে শান্তিপূর্ণভাৱে ৰাইজে THIRTY FIRST উদযাপন কৰিব পাৰে ৷

এনে সময়তে এক WARNING আহিছে অসম আৰক্ষীৰ ফালৰ পৰা । আৰক্ষী তৰফৰ পৰা সকীয়াই দিয়া হৈছে যে যদি কোনোবাই অত্যাধিক সুৰাপান কৰি গাড়ী চলাই তেতিয়া হ’লে আমাৰ ৰঙা ঘৰৰ আলহী হ’বলৈ সাজু থাকক । অসম আৰক্ষীয়ে সামাজিক মাধ্যমৰ যোগেদি এই কথা প্ৰচাৰ কৰিছে ।

উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনাত ২৯ জন লোকৰ মৃত্যু হৈছিল । যাৰ বাবে এইবাৰ কঠোৰ হৈছে আৰক্ষী তথা অসম প্ৰশাসন ।