এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্য বৃদ্ধি ৷ প্রতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকা

আজি অসম বাতৰি, ২ ডিচেম্বৰঃ এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ ১০০ টকা বৃদ্ধি ৷ যোৱা ১ নৱেম্বৰত এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত ২৬৬ টকা বৃদ্ধি কৰাৰ এমাহৰ পাছত আজি পুনৰ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০০ টকা বৃদ্ধি কৰিলে তেল কোম্পানীয়ে ৷

বাৰ্তা প্ৰেৰণ কৰক (৮৭৫৩৯৭১৯৮৭)

উল্লেখ্য যে এমাহতে দুবাৰকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত মূল্য বৃদ্ধি কৰাত দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,১০১ টকালৈ বৃদ্ধি পালে, কলকাতাত ২,১৭৪.৫০ টকা, দেশৰ মেট্র’পলিটান চহৰ মুম্বাইত প্রতিটো চিলিণ্ডাৰত ২,০৫১ টকা আৰু দেশৰ ভিতৰত সর্বাধিক চেন্নাইত ২,২৩৪.৫০ টকা ৷

লক্ষণীয় যে ঘৰুৱা চিলিণ্ডাৰ ১৪.২ কেজি, ৫ কেজি আৰু ১০ কেজি চিলিণ্ডাৰত আজি ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে মূল্য বৃদ্ধি কৰা নাই ৷ গুৰুত্বপূর্ণ যে প্রতিমাহৰ আৰম্ভতে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি আহিছে ৷ সেইমর্মে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি নকৰিলেও বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিলে ৷ ১ নৱেম্বৰৰ পূর্বে ১ অক্টোবৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪২ টকা বৃদ্ধি কৰাৰ বিপৰীতে ১ ছেপ্ঢেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৭৫ টকা বৃদ্ধি কৰিছিল ৷ অৱশ্যে ৬ অক্টোবৰত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য মাত্র ২.৫০ টকা হ্রাস কৰিছিল ৷

উৎসঃ নিয়মীয়া বাৰ্তা