আজি ধুমুহা জাৱাদে সৃষ্টি কৰিব তাণ্ডৱ

আজি অসম বাতৰি, ৪ ডিচেম্বৰঃ ঘূর্ণী ধুমুহা জাৱাদে ১২ ঘণ্টাৰ ভিতৰত বংগোপসাগৰৰ উপকূলত তাণ্ডৱ সৃষ্টি কৰিব ৷ সামুদ্রিক ধুমুহা জাৱাদে কাইলৈ পুৱাৰ ভাগতে উত্তৰ অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ উপকূলৰ বিভিন্ন স্থানত আঘাত সানিছে ৷ বতৰ বিজ্ঞানে সদৰী কৰা মতে বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্ন চাপৰ বাবেই সামুদ্রিক ধুমুহা জাহাদে সৃষ্টি কৰিব পাৰে তাণ্ডৱ ৷ ঘটনাত ৮০ৰ পৰা ১০০ কিলোমিটাৰ গতিবেগেৰে এই ধুমুহা আৰু মূষলধাৰ বৃষ্টিপাতে পশ্চিমবংগৰো উপকূলীয় জিলাসমূহত তাণ্ডৱ সৃষ্টি কৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰিছে ৷

লক্ষণীয়ভাৱে আনন্দমান দ্বীপপুঞ্জৰ পৰা কিছু দূৰৈত সৃষ্টি হোৱা নিম্নচাপ বলয় কালি গভীৰ নিম্নচাপত পৰিণত হয় ৷ বিগত ৬ ঘণ্টাত সেয়া গড়ে ৩২ কিলোমিটাৰ গতিবেগেৰে পূব উপকূলৰ দিশে আগবাঢ়ি আহিছে ৷ আজি পুৱাৰ ভাগত গভীৰ নিম্নচাপৰ অৱস্থান আছিল বংগোপসাগৰৰ গভীৰত৷ অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমৰ পৰা ৫৮০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ পূবত, ওড়িশাৰ গোপালপুৰ সমুদ্র তীৰৰ পৰা ৬৭০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ পূবৰ লগতে ওড়িশাৰ পাৰাদ্বীপ বন্দৰৰ পৰা ৭৬০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ–পশ্চিমত আছিল এই গভীৰ নিম্নচাপ ৷ জাৱাদে কাইলৈৰ পৰা সোমবাৰ পর্যন্ত কলকাতাসহ দক্ষিণ বংগলৈ ধুমুহা আৰু মূষলধাৰ বৃষ্টিপাত কঢ়িয়াই আনিব পাৰে ৷ লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰে তিনিওখন ৰাজ্যত জাৱাদৰে মোকাবিলা কৰিবলৈ বিভিন্ন বাহিনীক সষ্টম কৰি ৰাখিছে ৷

উৎসঃ নিয়মীয়া বাৰ্তা


দিল্লীত অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান...

২০২২ৰ নৱেম্বৰত মুকলি হ’ব নলবাৰী মেডিকেলৰ বহিঃবিভাগ...

এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্য বৃদ্ধি ৷ প্রতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকা...